We Believe JesusFé, Esperança e Nova Vida

দানি 7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← দানি 6 দানি দানি 8 →

1বাবিলৰ ৰজা বেলচচৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে।

2দানিয়েলে ব্যাখ্যা কৰিলে যে, “মই ৰাতি দৰ্শনত দেখিলোঁ যে, আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমূদ্রৰ ওপৰত মন্থন হৈ আছিল।

3সমুদ্ৰৰ পৰা চাৰিটা প্রকাণ্ড জন্তু ওলাই আহিল; আৰু সিহঁতৰ প্রত্যেকটো জন্তুৱেই পৃথক আছিল।

4প্ৰথমটো সিংহৰ দৰে, কিন্তু কুৰৰ পক্ষীৰ ডেউকাৰ দৰে তাৰ ডেউকা আছিল; মই চাই থাকোঁতে, তাৰ ডেউকা দুখন তাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল; আৰু মানুহৰ দৰে সি দুখন ভৰিত থিয় হৈছিল, তাক মানুহৰ হৃদয় দিয়া হৈছিল।

5তাৰ পাছত দ্বিতীয়টো জন্তু ভালুকৰ দৰে, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ আৰু দাঁতৰ মাজত তিনি ডাল কামীহাড় আছিল; আৰু তাক কোৱা হৈছিল, উঠ আৰু বহুতো মানুহক খাই শেষ কৰ।

6তাৰ পাছত মই পুনৰ চালোঁ। তাত আন এটা জন্তু আছিল, সি নাহৰফুটুকী বাঘৰ দৰে। তাৰ পিঠিত চৰাইৰ ডেউকাৰ দৰে চাৰিখন ডেউকা আছিল, আৰু সেই জন্তুৰ চাৰিটা মূৰ আছিল; তাক শাসনভাৰ দিয়া হৈছিল।

7তাৰ পাছত মই ৰাতি সপোনত চতুৰ্থ জন্তুটো দেখিলোঁ; সি আতঙ্কজনক, ভয়ঙ্কৰ, আৰু অতিশয় শক্তিমান আছিল। তাৰ ডাঙৰ ডাঙৰ লোহাৰ দাঁত আছিল; সি ডোখৰ ডোখৰকৈ ভাঙি খাইছিল, আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। আন জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহটা শিং আছিল।

8মই সেই শিঙবোৰলৈ মন কৰি থাকোতেই, মই দেখিলোঁ যে সেইবোৰৰ মাজৰ পৰা আন এটা সৰু শিং গজি ওলাইছে। পূৰ্বৰ শিংবোৰৰ তিনিটা শিং গুৰিৰ পৰা উঘলা হৈছিল; আৰু সেই শিংটোত মানুহৰ চকুৰ দৰে দুটা চকু, আৰু গৰ্ব্ব কৰি ডাঙৰ ডাঙৰ কথা কোৱা এখন মুখ আছিল।

9মই দেখিলোঁ যে,

10তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল;

11মই একেৰাহে চাই আছিলোঁ, কাৰণ সেই গৰ্ব্বৰ কথাবোৰ সেই শিঙটোৱে কৈ আছিল। মই চালোঁ সেই জন্তুটো যেতিয়া বধ কৰা হৈছিল, আৰু তাৰ শৰীৰ ধ্বংস কৰা হৈছিল; তেতিয়া তাক অগ্নিশিখাত পেলাই দিয়া হৈছিল।

12বাকী থকা চাৰিটা জন্তুৰ শাসন কৰা ক্ষমতা সিহঁতৰ পৰা কাঢ়ি লোৱা হৈছিল; কিন্তু সিহঁতৰ জীৱন কিছুসময়ৰ বাবে বঢ়াই দিয়া হৈছিল।

13মই সেই দর্শনত,

14তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল;

15মই যি দানিয়েল, মোৰ ভিতৰত মোৰ আত্মাই কষ্ট পাইছিল, আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিছিল।

16তাৰ পাছত মই থিয় হৈ থকাসকলৰ মাজৰ এজন7:16 সিংহাসনৰ ওচৰত থকাৰ ওচৰলৈ গ’লো, আৰু এই সকলো বিষয়ৰ অর্থ দেখুৱাবলৈ তেওঁক কলোঁ।

17এই প্রকাণ্ড জন্তু চাৰিটা হ’ল, পৃথিৱীৰ পৰা আহিব লগা চাৰিজন ৰজা।

18কিন্তু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।

19তাৰ পাছত মই চতুর্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলো, ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল, ই ডোখৰ ডোখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল।

20তাৰ মুৰত থকা দহোটা শিঙ আৰু তিনিটা শিং উঘলাৰ পূৰ্বে গজা আনটো শিঙৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। চকু থকা, গর্বৰ কথা কোৱা মুখ থকা আৰু নিজৰ সঙ্গীসকলকৈ অধিক গৰ্ব্বী দেখুউৱা শিংটোৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ।

21মই চাই থাকোঁতে দেখিলোঁ যে, প্রাচীন কালত তেওঁ থকাৰ দৰে, সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলক ন্যায়বিচাৰ দিয়া, পবিত্ৰ লোকসকলে ৰাজ্যৰ অধিকাৰী হোৱা সময় আহিল,

22সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিলে আৰু তেওঁলোকক পৰাজয় কৰিলে।

23সেই পুৰুষজনে চতুর্থ জন্তুটোৰ বিষয়ে কোৱা কথা এয়া,

24সেই দহটা শিঙৰ অৰ্থ এই,

25তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব,

26কিন্তু ন্যায়ালয়ৰ সভা বহিব;

27ৰাজ্য আৰু ৰাজশাসন,

28এইখিনিতে সেই বিষয় সমাপ্ত হ’ল। দানিয়েল যি মই, মোৰ চিন্তাই মোক অতিশয় ব্যাকুল কৰিলে, আৰু মোৰ মুখ বিবৰ্ণ হল; কিন্তু মই মোৰ নিজৰ মনতে সেই বিষয়সমূহ সাঁচি ৰাখিলোঁ।”

← দানি 6 দানি দানি 8 →