We Believe JesusFé, Esperança e Nova Vida

মথি 22

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← মথি 21 মথি মথি 23 →

1যীচুৱে উত্তৰ দিলে, আৰু দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক’লে যে,

2“স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যি জনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি,

3এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে, কিন্তু নিমন্ত্ৰিত সকল আহিবলৈ মন নকৰিলে।

4পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।

5কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা-বেপাৰলৈ ওলাই গ’ল।

6আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি, অপমান কৰি বধ কৰিলে।

7তাতে ৰজাৰ খং উঠি, তেওঁৰ সৈন্য সকলক পঠিয়াই, সেই নৰবধীবোৰক সংহাৰ কৰি, সিহঁতৰ নগৰ খন পুৰি পেলালে।

8তেতিয়া তেওঁৰ দাসবোৰক ক’লে, ‘বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিত সকল যোগ্য নাছিল;

9এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’।

10তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ, ভাল-বেয়া যিমান মানুহ পালে, সেই সকলোকে গোটাই আনিলে; তাতে আলহী সকলৰ বিয়া-ঘৰ ভৰি পৰিল।

11কিন্তু ৰজাই আলহী সকলক চাবলৈ ভিতৰলৈ আহোতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে,

12‘হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা’? তেতিয়া তেওঁ অবাক হ’ল;

13তাতে ৰজাই তেওঁৰ দাস সকলক মাতি ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।

14কিয়নো নিমন্ত্ৰিত লোক অনেক, কিন্তু মনোনীত লোক তাকৰ।”

15তাৰ পাছত ফৰীচী সকল গ’ল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷

16এনে মন্ত্ৰণা কৰি, তেওঁলোকে হেৰোদীয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্য সকলক যীচুৰ ওচৰলৈ পঠিয়ালে৷ তেওঁলোকে যীচুক ক’লে, “হে গুৰু, আপুনি সত্য, আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে, আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে; এই কাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে।

17গতিকে আমাক কওকচোন, ‘চীজাৰক কৰ দিয়া বিধান সন্মত হয় নে নহয়’? এই বিষয়ে আপুনি কি ভাৱে, চীজাৰক কৰ দিব পায় নে নাপায়?”

18যীচুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক’লে, “হে কপটীয়া সকল, কিয় মোক পৰীক্ষা কৰিছে?

19কৰ দিয়া ধন মোক দেখুৱাওঁক৷” তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি 22:19 আধলি দীনাৰএটা আনিলে।

20যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়?”

21তেতিয়া তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ৷” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”

22এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে৷ পাছত তেওঁলোকে তেওঁক এৰি গুচি গ’ল।

23সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল যীচুৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,

24“হে গুৰু মোচিয়ে ক’লে, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।

25আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল।

26পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।

27সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।

28তেনেহলে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।”

29যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে।

30কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।

31মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে,

32‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’;22:32 এওঁলোকৰ মৃত্যু হোৱাৰ বহু বছৰ পাছত ঈশ্বৰে মোচিক কৈছিল, তেওঁ এওঁলোকৰ ঈশ্বৰ, অৰ্থাৎ তেওঁলোকৰ মৃত্যুৰ কথা ঈশ্বৰে কোৱা নাছিল। যা3:6 তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”

33ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।

34যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;

35তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে-

36“হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?”

37যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’

38এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।

39এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।

40এই দুটা22:40 ৰো. 13:8, 10 আজ্ঞাই গোটেই22:40 গালা. 5:14 বিধান আৰু ভাৱবাদী সকলৰ কথাক নির্ভৰ কৰে।”

41ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,

42তেওঁ সুধিলে, “খ্ৰীষ্টৰ বিষয়ে আপোনালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?” তেওঁলোকে তেওঁক ক’লে, “দায়ুদৰ সন্তান”।

43যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক’লে,

44প্ৰভুৱে মোৰ প্ৰভুক ক’লে,মই

45এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?”

46তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।

← মথি 21 মথি মথি 23 →