We Believe JesusFé, Esperança e Nova Vida

প্ৰকাশিত বাক্য 7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← প্ৰকাশিত বাক্য 6 প্ৰকাশিত বাক্য প্ৰকাশিত বাক্য 8 →

1তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এই কাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি, পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গৰ দূত দেখিলোঁ।

2পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে,

3“আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, 7:3 যিহি 9:4; প্ৰ 22:4৷ তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷”

4পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল:

5‘যিহূদা ফৈদৰ ছাব মৰা বাৰ হাজাৰ,

6আচেৰ ফৈদৰ বাৰ হাজাৰ,

7চিমিয়োন ফৈদৰ বাৰ হাজাৰ,

8জবূলূন ফৈদৰ বাৰ হাজাৰ,

9এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল;

10আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে,

11আৰু সকলো স্বৰ্গৰ দূতে সেই সিংহাসনৰ পৰিচাৰক সকলৰ আৰু চাৰি জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল; আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমর্পণ কৰি মাটিত মুৰ দোৱাই, ঈশ্বৰক আৰাধনা কৰিলে,

12আৰু ক’লে,

13তেতিয়া সেই পৰিচাৰক সকলৰ এজনে মোক সুধিলে, “বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক’ৰ পৰা আহিল?”

14তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।7:14 1 যো 1-7৷

15এই কাৰণে, এওঁলোকে ঈশ্বৰৰ সিংহাসনৰ আগত আছে,

16এওঁলোকৰ আৰু কেতিয়াও ভোক-পিয়াহ নালাগিব;

17কিয়নো সিংহাসনৰ মাজত থকা মেৰ-পোৱালি জনে এওঁলোকক চৰাব, 7:17 গীত 23; যিচ 40:11; যো 10:2-11৷

← প্ৰকাশিত বাক্য 6 প্ৰকাশিত বাক্য প্ৰকাশিত বাক্য 8 →