1যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷
2তেওঁ প্ৰার্থনা কৰি ক’লে,
3মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান।
4প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ;
5কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷
6চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল;
7সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ;
8তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷
9তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল,
10তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল,
11তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল,
12আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে,
13তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা
14যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷
15তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে,
16যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত,
17তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে!
18তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে,
19মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল,
20তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷
21যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷
22কিয়নো মই যিহোৱাৰ পথত চলিলোঁ,
23কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে;
24তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ,
25এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে,
26যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা,
27তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা,
28তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা,
29কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷
30কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ;
31ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷
32কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে?
33ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়;
34তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে
35তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে,
36তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা,
37তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা,
38মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷
39মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷
40কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা;
41তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা;
42তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে,
43তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ,
44তুমি মোৰ লোকসকলৰ
45বিদেশীসকল মোৰ বশীভূত হ’ল৷
46বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা
47যিহোৱা জীৱন্ত!
48যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে,
49আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷
50এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম;
51ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে,