We Believe JesusFé, Esperança e Nova Vida

2 চমূ 1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

2 চমূ 2 চমূ 2 →

1চৌলৰ মৃত্যুৰ পাছত, দায়ূদে অমালেকীয়া সকলক বধ কৰি ঘূৰি আহিল আৰু চিক্লগত দুদিন থাকিল।

2পাছত তৃতীয় দিনত, চৌলৰ সেনাবাহিনীৰ ছাউনিৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল; তেওঁৰ মুৰত মাটি লাগি আছিল। তেওঁ দায়ূদৰ ওচৰলৈ আহি শিৰনত হৈ প্রণাম কৰিলে।

3তেতিয়া দায়ূদে তেওঁক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেওঁ উত্তৰ দি ক’লে, “মই ইস্ৰায়েলৰ সেনা ছাউনিৰ পৰা পলাই আহিছোঁ।”

4দায়ূদে তেওঁক সুধিলে, “তাত কি হ’ল, সেই বিষয়ে মোক কোৱাচোন।” তেওঁ ক’লে, “লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ’ল। লোকসকলৰ মাজত অনেক লোক মৰিল। চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰো মৃত্যু হ’ল।”

5তেতিয়া দায়ূদে সেই সম্বাদ দিয়া ডেকা লোক জনক সুধিলে, “চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ যে মৃত্যু হ’ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা?”

6তেতিয়া সেই ডেকা লোক জনে ক’লে, “ঘটনাক্ৰমে মই গিলবোৱা পৰ্ব্বতত আছিলোঁ আৰু তাতে চৌলে বৰছাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁৰ পাছে পাছে বৰকৈ খেদি খেদি প্রায় তেওঁৰ ওচৰ চাপি আহিছিল।

7তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক’লো, “মই ইয়াত আছোঁ৷”

8তেওঁ মোক সুধিলে, “তুমি কোন?” মই তেওঁক ক’লো, “মই এজন অমালেকীয়া লোক।”

9তেতিয়া তেওঁ মোক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা কাৰণ মোক শিৰামূৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে।”

10তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁক বধ কৰিলোঁ; কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব, সেই বিষয়ে মই নিশ্চয়ে জানিছিলোঁ৷ এতিয়া মই তেওঁৰ মূৰৰ কিৰীটি আৰু বাহুৰ বাজু লৈ, এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ।”

11তেতিয়া দায়ূদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁৰ লগৰ আটাই লোকসকলেও সেই দৰে কৰিলে।

12চৌল, তেওঁৰ পুত্ৰ যোনাথন আৰু যিহোৱাৰ প্ৰজা ইস্ৰায়েল বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে শোক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোনে থাকিল।

13পাছত দায়ূদে সেই বাতৰি অনা ডেকা মানুহজনক ক’লে, “তুমি ক’ৰ মানুহ?” তেওঁ উত্তৰ দি ক’লে, “মই এজন প্রবাসী অমালেকীয়া মানুহ।”

14দায়ূদে তেওঁক ক’লে, “তুমি যিহোৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা?”

15দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল।

16তেতিয়া দায়ূদে সেই মৃত অমালেকীয়াজনক ক’লে, “তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক; কিয়নো, ‘ময়েই যিহোৱাৰ অভিষিক্ত জনক বধ কৰিলোঁ’ এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা।”

17তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।

18তেওঁ যিহূদাৰ সন্তান সকলক এই ধনুগীত শিকাবলৈ দিলে; চোৱা, যি গীত যাচেৰ পুস্তকখনিত লিখা আছে।

19হে ইস্ৰায়েল, তোমাৰ উচ্চস্থানবোৰত ৰত্ন দুটি বধ কৰা হ’ল!

20গাত’ত এই বিষয় প্ৰকাশ নকৰিবা,

21হে গিলবোৱা পৰ্ব্বত,

22হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা যোনাথনৰ ধনু বিমুখ নহৈছিল, চৌলৰ তৰোৱালো শুদাই ঘূৰি নাহিছিল।

23চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল,

24হে ইস্ৰায়েলৰ জীয়ৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা,

25হায় হায়, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ’ল!

26হে মোৰ ভাই যোনাথন, তোমাৰ বাবে মই দুখিত হৈছোঁ৷

27হায় হায়, বীৰসকল কেনেকৈ পতিত হ’ল

2 চমূ 2 চমূ 2 →