We Believe JesusFé, Esperança e Nova Vida

1 বংশা 8

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← 1 বংশা 7 1 বংশা 1 বংশা 9 →

1বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,

2নোহা, আৰু ৰাফা।

3বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,

4অবীচূৱা, নামন, অহোহ,

5গেৰা, চফুফন, আৰু হূৰম।

6এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:

7নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।

8চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।

9তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।

10যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।

11ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।

12ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,

13তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।

14এওঁলোক বৰীয়াৰ পুত্র:

15জবদিয়া অৰদ, এদৰ,

16মীখায়েল, যিস্পা, আৰু যোহা,

17এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।

18গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।

19তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,

20গদোৰ, অহিয়ো, আৰু জেখৰ।

21আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।

22নেৰৰ পুত্র কীচ আছিল।

23যোনাথনৰ পুত্র মৰীব-বাল।

24মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।

25আহজৰ পুত্র যিহোৱদ্দা।

26মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।

27আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।

28আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।

29উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।

← 1 বংশা 7 1 বংশা 1 বংশা 9 →