We Believe JesusFé, Esperança e Nova Vida

1 বংশা 25

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← 1 বংশা 24 1 বংশা 1 বংশা 26 →

1দায়ুদ আৰু আবাসৰ পৰিচৰ্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:

2আচফৰ পুত্র সকলৰ পৰা:

3যিদূথূনৰ পুত্র সকলৰ পৰা:

4হেমনৰ পুত্র সকলৰ পৰা:

5ৰজাৰ ভাববাদী হেমনৰ এওঁলোক পুত্র। ঈশ্বৰক শ্রদ্ধা কৰিবলৈ তেওঁক চৌদ্ধ জন পুত্র আৰু তিনি জনী ছোৱালী দান কৰিলে।

6তেওঁলোকৰ পিতৃৰ নিৰ্দেশ অনুযায়ী এই সকলো কৰিছিল। তেওঁলোক ঈশ্ৱৰৰ গৃহৰ বাদ্যকৰ আছিল, তেওঁলোকে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে তাল, বেহেলা, আৰু বীণা বজাইছিল। আচফ, যিদূথূন, আৰু হেমন ৰজাৰ নিৰ্দেশৰ অধীনত আছিল।

7তেওঁলোক আৰু তেওঁলোকৰ ভাইসকল যিহোৱাৰ উদ্দেশ্যে বাদ্য বজোৱাত প্রশিক্ষণ প্রাপ্ত আৰু নিপুণ আছিল তেওঁলোক সংখ্যাত দুশ আঠাশী জন আছিল।

8তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল।

9এতিয়া আচফৰ পুত্র সকলৰ বিষয়ে:

10তৃতীয় জক্কুৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় লোক সকল সংখ্যাত বাৰ জন;

11চতুৰ্থ যিখ্ৰীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।

12পঞ্চম নথনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

13ষষ্ঠ বুক্কিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

14সপ্তম যিচৰেলাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।

15অষ্টম যিচয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয়সকল সংখ্যাত বাৰ জন;

16নৱম মত্তনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

17দশম চিমিয়ীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

18একাদশ অজৰেলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

19দ্বাদশ হচবিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

20ত্ৰয়োদশ চূবায়েলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্বন্ধীয় সকল সংখ্যাত বাৰ জন;

21চতুৰ্দ্দশ মত্তিথিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

22পঞ্চদশ যিৰোমোতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

23ষোড়শ হননিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

24সপ্তদশ যচবিকাচাৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

25অষ্টাদশ হনানীৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

26ঊনবিংশ মল্লোথীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

27বিংশ ইলিয়াথাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

28একবিংশ হোথীৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

29দ্বাবিংশ গিদ্দলতীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

30ত্ৰয়োদশ মহজীয়াতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

31চতুৰ্ব্বিংশ ৰোমমতী-এজৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

← 1 বংশা 24 1 বংশা 1 বংশা 26 →