We Believe JesusFé, Esperança e Nova Vida

1 কৰি 6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 · assamês

← 1 কৰি 5 1 কৰি 1 কৰি 7 →

1আপোনালোকৰ মাজত কাৰোবাৰ যদি আন এজনৰ বিৰুদ্ধে কোনো অভিযোগ কৰাৰ কাৰণ থাকে, তেনেহলে তেওঁ কোন সাহসত ঈশ্বৰৰ পবিত্ৰ লোকৰ ওচৰলৈ নাযায়, এজন অবিশ্বাসী বিচাৰকৰ অর্থাৎ অধৰ্মি লোকৰ কাষলৈ গৈ বিচাৰৰ সমাধান বিচাৰে?

2আপোনালোকে জানো নাজানে, যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধ-বিচাৰ কৰিব? যেতিয়া আপোনালোকেই জগতৰ বিচাৰ কৰিব, তেনেহলে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে?

3আপোনালোকে নাজানে নেকি যে, আমি স্বৰ্গৰ দূত সমূহৰো বিচাৰ কৰিম? যদি সেয়ে হয়, তেনেহলেতো এই জীৱন সম্পৰ্কীয় বিষয়বোৰ অতি সাধাৰণ কথা।

4এতেকে আপোনালোকৰ দ্বাৰায়েই যদি দৈনিক জীৱন সম্পৰ্কীয় বিষয়বোৰৰ সোধ-বিচাৰ কৰা হয়, তেনেহলে যি সকল মণ্ডলীৰ লোক নহয়, এনে লোকক আপোনালোকে কিয় বিচাৰকৰ আসনত বহুৱাই?

5আপোনালোকক লাজ দিবৰ কাৰণে মই এই কথা কৈছোঁ। আপোনালোকৰ মাজত সঁচাই এনে কোনো জ্ঞানৱান লোক এজনো নাই নেকি, যি জনে ভাই, ভনী সকলৰ মাজত বিবাদ হ’লে, সেইবোৰ সোধ-বিচাৰ কৰি নিস্পত্তিৰ বাবে ঠাৱৰ কৰিব পাৰে?

6কিন্তু তাৰ সলনি এনেকুৱা হয় যে, এজন বিশ্বাসী ভায়ে আন বিশ্বাসী ভাইৰ বিৰুদ্ধে আদালতলৈ যায় গোচৰ দিয়ে, তাকো অবিশ্বাসী সকলৰ আগত।

7আপোনালোক খ্রীষ্টিয়ান সকলে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি আছে, তাতে এটাই প্রমাণ হয় যে আপোনালোক পৰাজিত হৈ আছে। তাতকৈ বৰঞ্চ অন্যায় সহন নকৰে কিয়? নিজৰো হানি হবলৈ কিয় নিদিয়ে?

8কিন্তু তাৰ সলনি আপোনালোকে নিজেই অন্যায় কৰি আছে আৰু আন লোকক ঠগাই আছে; তেওঁলোক আপোনালোকৰ নিজৰেই ভাই-ভনী।

9যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,

10যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।

11আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।

12“মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ6:12 সকলো কৰিবলৈ মোৰ অধিকাৰ অৰ্থাৎ মোলৈ সকলো অবাধ আছে, কিন্তু একোৰে মই দাস নহ’ম।

13“পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;

14ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব।

15আপোনালোকৰ শৰীৰ যে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক আপোনালোকে নাজানে নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে? এনে নহওক।

16যি জন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেহ হয়, ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্রত আছে, “তেওঁলোক দুয়ো এক দেহ হ’ব”।

17কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়।

18ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।

19আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।

20কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।

← 1 কৰি 5 1 কৰি 1 কৰি 7 →